COPY RIGHTS : TO AVOID COPYRIGHT VIOLATIONS, ALL POSTS ARE SHOWN ALONG WITH SOURCES FROM WHERE ITS TAKEN. PLEASE CONTACT ME IN MY EMAIL SALEEMASRAF@GMAIL.COM , IF YOU ARE THE AUTHOR AND YOUR NAME IS NOT DISPLAYED IN THE ARTICLE.THE UNINTENTIONAL LAPSE ON MY PART WILL BE IMMEDIATELY CORRECTED.

I HAVE SHARED ALL MY PRACTICAL WATER TREATMENT EXPERIENCES WITH SOLVED EXAMPLE HERE SO THAT ANYBODY CAN USE IT.

SEARCH THIS BLOG BELOW FOR ENVO ,COMPACT STP,ETP,STP,FMR,MBBR,SAFF,IRON,ARSENIC,FLUORIDE,FILTER,RO,UASB,BIO GAS,AERATION TANK,SETTLING TANK,DOSING,AMC.

SEARCH THIS BLOG

Showing posts with label covid19. Show all posts
Showing posts with label covid19. Show all posts

Friday, May 15, 2020

Praying eid prayer at home during covid 19 corona lockdown


*🌷লকদাউনত ঈদৰ নামাজৰ মাছআ'লাঃ-🌷*

সর্বশক্তিমান আল্লাহ তা'আলাৰ ওচৰত আমি সকলোৱে বিনম্ৰভাবে এই দোআ কৰা উচিত যে ৰামাজানৰ এই পবিত্ৰ মাহটোতেই যাতে লকদাউনৰ এই ভয়াবহ পৰিস্থিতিৰ অন্ত পৰে যাতে আমি সকলোৱে পবিত্ৰ ঈদুল ফিতিৰৰ নামাজ সমূহীয়াকৈ জামাতৰে সৈতে আদায় কৰিব পাৰো,আৰু যদি পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ, যদি চৰকাৰৰ ফালৰ পৰা ঈদৰ নামাজ সমূহীয়া ভাবে মছজিদত বা ঈদগাহত আদায় কৰাৰ অনুমতি পোৱা নাযায়, তেনে স্থলত প্ৰশ্ন হʼল যে আমি ঈদৰ নামাজ কেনেদৰে আদায় কৰিম?

এনে পৰিস্থিতিত ফুক্বাহা (মাছাইলৰ বিজ্ঞ) সকলৰ মতে আমি সকলোৱে নিজ নিজ ঘৰৰ চাৰি-পাছজন সদস্য লগ লাগি ঈদৰ নামাজ জামাতৰে সৈতে আদায় কৰা উচিত(অতি কমেও ঈদৰ নামাজৰ বাবে চাৰিজন প্ৰাপ্তবয়স্ক পুৰুষ হোৱা জৰুৰী,যদি চাৰিজনতকৈ কম থাকে তেন্তে জামাত নকৰাই ভাল)। এইখিনিতে আমি আৰু এটা কথা মনত ৰখা দৰকাৰ যে,জুম্মাৰ নামাজ আদায় কৰাৰ যিবিলাক চৰ্ত সেই বিলাক চৰ্তয়ে ঈদৰ নামাজটো প্ৰযোজ্য। ফেকাহ শাস্ত্ৰবিদসকলৰ মতে জুম্মাৰ নামাজ পঢ়িবৰ বাবে যিদৰে মছজিদ চৰ্ত নহয়, সমান্তৰাল ভাৱে ঈদৰ নামাজৰ বাবেও মছজিদ চৰ্ত নহয়। আৰু ইশ্বৰাক নামাজৰ সময় সোমোৱাৰ পাছৰে পৰাই ঈদৰ নামাজৰ ওৱাক্ত আৰম্ভ হৈ যায়। গতিকে এই লকদাউনৰ সময়ত ঘৰতে এজন ইমামৰ পাছত ঈদৰ নামাজ পঢ়ি ঈদৰ খুতবা শুনা উচিত। আৰু যদি কাৰোবাৰ খুতবা কণ্ঠস্থ নাথাকে,কিবাটো খুতবাৰ কিতাবো লগত নাথাকে তেনে স্থলত প্ৰথম খুতবাত "তশ্বহুদ" (আত্তাহীয়্যাতো) আৰু "ছুৰা ফাতিহা" (আলহামদু শ্বৰীফ) আৰু দ্বিতীয় খুতবাত "দৰুদ শ্বৰীফ" আৰু যিকোনো এটা দোআ পঢ়ি দিলেই খুতবা আদায় হৈ যাব। আৰু দুই খুতবাৰ মাজত বহিবৰ বাবে মিম্বৰৰ পৰিৱৰ্তে চকী, মেজ, টেবুল ইত্যাদি ব্যৱহাৰ কৰিব পাৰিব।

ফুক্বাহা সকলৰ মতে এই হুকুমটো কেৱল মজবুৰী (বাধ্যবাধকতা)ৰ অৱস্থাতহে প্ৰযোজ্য হ'ব।অন্যথা অন্য দিনত ঈদৰ নামাজৰ বাবে যিমান ডাঙৰ জামাত হʼব, সিমানেই বেছি উত্তম। পৰিস্থিতি সাপেক্ষেহে ঘৰে-ঘৰে ঈদৰ নামাজ আদায় কৰাৰ অনুমতি দিয়া হৈছে।

*📖 ঈদৰ নামাজ পঢ়াৰ চুন্নতী নিয়মঃ-*

প্ৰথমে এই বুলি নিয়্যত কৰিব যে,"মই কিবলা মুখী হৈ উক্ত ইমাম চাহাবৰ পাছত দুই ৰাকাত ঈদুল-ফিতৰৰ ৱাজিব নামাজ,ছটা অতিৰিক্ত ৱাজিব তকবীৰৰ সৈতে আদায় কৰিবলৈ লৈছো"। তাৰ পাছত ঈমাম চাহাবৰ লগত "আল্লাহুআকবাৰ" বুলি তকবীৰে তাহৰিমা কৈ হাত বান্ধি লʼব, তাৰ পাছত ছানাৰ দোৱা পঢ়িব,তাৰ পাছত ইমাম চাহাবৰ সৈতে দুয়ো হাত কাণ পৰ্য্যন্ত উঠাই তিনিটা তকবিৰ কʼব। প্ৰথমে দুই তকবীৰত হাত এৰি দি তৃতীয় তকবীৰত হাত বান্ধি লʼব। তাৰ পাছত ইমাম চাহাবে চুৰা ফাতিহাৰ লগত অন্য চুৰা মিলাই, ৰুকু-ছজদাহ কৰি প্ৰথম ৰাকাআতটো শেষ কৰিব,ইয়াৰ পাছত দুই নম্বৰ ৰাকাআতৰ বাবে থিয় হৈ ইমাম চাহেবে প্ৰথমে চুৰা ফাতেহাৰ লগত অন্য এটা চুৰা মিলাব,তাৰ পাছত ৰুকুলৈ যোৱাৰ পূৰ্বে তিনিবাৰ পুনৰ তকবীৰ কʼব, উক্ত তিনিওটা তকবীৰ কওতে হাত এৰি দিব, হাত নাবান্ধিব। তাৰ পাছত পুনৰ তকবিৰ কৈ ৰুকুলৈ গৈ ছাজদাহ কৰি ছালাম ফিৰাই নামাজ শেষ কৰিব।

# দলিল স্বৰূপে কেইখনমান বিখ্যাত হাদীছ ও আৰবী হানাফী ফাতৱা গ্ৰন্থৰ ইবাৰত সমূহৰ উদ্ধৃতি দাঙি ধৰা হ'ল:-

_(تجب صلاتهما) في الأصح (على من تجب عليه الجمعة بشرائطها) المتقدمة (سوى الخطبة) فإنها سنة بعدها. (الدر المختار وحاشية ابن عابدين_2 / 166)_

_و يشترط للعيد ما يشترط للجمعة إلا الخطبة كذا في الخلاصة لأنه سنة بعد الصلاة و تجوز بدونها-(الفتاوى الهندية ١٦٥/١ كتاب الصلاة باب العيدين زكريا جديد)_

_ﻭﺃﻣﺎ ﺷﺮاﺋﻂ ﻭﺟﻮﺑﻬﺎ ﻭﺟﻮاﺯﻫﺎ ﻓﻜﻞ ﻣﺎ ﻫﻮ ﺷﺮﻁ ﻭﺟﻮﺏ اﻟﺠﻤﻌﺔ ﻭﺟﻮاﺯﻫﺎ ﻓﻬﻮ ﺷﺮﻁ ﻭﺟﻮﺏ ﺻﻼﺓ اﻟﻌﻴﺪﻳﻦ ﻭﺟﻮاﺯﻫﺎ ﻣﻦ اﻹﻣﺎﻡ ﻭاﻟﻤﺼﺮ ﻭاﻟﺠﻤﺎﻋﺔ ﻭاﻟﻮﻗﺖ ﺇﻻ اﻟﺨﻄﺒﺔ ﻓﺈﻧﻬﺎ ﺳﻨﺔ ﺑﻌﺪ اﻟﺼﻼﺓ. ﻭﻟﻮ ﺗﺮﻛﻬﺎ ﺟﺎﺯﺕ ﺻﻼﺓ اﻟﻌﻴﺪ-(بدائع الصنائع في ترتيب الشرائع ٢٧٥/١ كتاب الصلاة باب العيدين)_

_وأمَرَ أنَسُ بنُ مالَكٍ مَوْلاَهُمُ ابنَ عُتْبَةَ بِالزَّاوِيَةِ فَجَمَعَ أهْلَهُ وبَنِيهِ وَصَلَّى كَصَلاةِ أهْلِ المِصْرِ وَتَكْبِيرِهِمْ-(صحیح البخاری_کتاب العیدین /باب إذا فاته العيد يصلي ركعتين)_

_عن القاسم أبی عبد الرحمن حدثہ قال: حدثني بعض أصحاب رسول اللّٰہ صلی اللّٰہ علیہ وسلم قال: صلی بنا النبی صلی اللّٰہ علیہ وسلم یوم عید فکبر أربعا و أربعاً ثم أقبل علینا بوجہہ حین انصرف فقال: لا تنسوا کتکبیر الجنائز و أشار بأصابعہ، وقبض إبہامہ۔ (رواہ الإمام الطحاوي ۴؍ ۳۴۵، إعلاء السنن ۸؍۱۲۸ دار الکتب العلمیۃ)_

_فیکبر تکبیرۃ الإحرام ثم یضع یدیہ تحت سرتہ ویثني علی ما مر ثم ثلاث تکبیرات یفصل بین کل تکبیرتین بسکتۃ قدر ثلاث تسبیحات لئلا یؤدي الاتصال إلی اشتباہ علی البعید ویرفع یدیہ عند کل تکبیرۃ منہن ویرسلہما في أثنائہن ثم یضعہما بعد الثالثۃ ویتعوذ ویقرأ الفاتحۃ وسورۃ کما في الجمعۃ، ثم یکبر ویرکع، فإذا قام إلی الرکعۃ الثانیۃ یبتدئ بالقراء ۃ ثم یکبر بعدہا ثلاث تکبیرات علی ہیئۃ تکبیرۃ في الأولیٰ، ثم یکبر ویرکع فالزوائد في کل رکعۃ ثلاث، والقراء ۃ في الأولیٰ بعد التکبیر، وفي الثانیۃ قبلہ، ہٰکذا کیفیۃ صلاۃ العید عند علمائنا وہو قول ابن مسعود وأکثر الصحابۃ۔ (حلبي کبیر ۵۶۷-۵۶۸، الفتاویٰ التاتارخانیۃ ۲؍۶۰۴ زکریا)_


*বিঃ দ্ৰঃ- "দাৰুল উলূম দেউবন্দ"ৰ নাইব মুফতি, হজৰত মৌলানা মুফতি যঈনুল ইছলাম ইলাহাবাদী চাহাব আৰু "জামিআ ক্বাছিমীয়া মাদাৰছা শ্বাহী মুৰাদাবাদ"ৰ নাইব মুফতি ও উছতাদে হাদীছ, হজৰত মৌলানা মুফতি ছালমান মনছুৰপুৰী চাহাব, দুয়োজন বিজ্ঞ ফুফতিয়ানে কিৰামৰ লগত ফোন যোগে যোগাযোগ কৰি উক্ত মাছআ'লাটো লিখা হৈছে।*

*✒ বান্দাহ মোহাম্মাদ শ্বাব্বীৰ আহমদ (গুফিৰা লাহু)*
*📚 সদস্য_(মজলীছে শ্বুৰা নু'মানী দাৰুল ইফতা/তাওজীহুল মাছাঈল গ্ৰুপ)*
*📖 প্ৰতিষ্ঠাপক_(কাশ্বফুল আমৰাঈন ফাউণ্ডেচন)*


https://www.facebook.com/100016524875616/posts/672992806594876/?app=fbl

العبد محمد شبير أحمد
🌷যদি বিশেষ কাৰণবশত ঈদৰ নামাজ আদায় কৰিব নোৱাৰে :-🌷
যদি কোনো ব্যক্তিয়ে বিশেষ কাৰণবশত (উদাহৰণস্বৰূপে লকডাউনত ঘৰতে আবদ্ধ থকাৰ বাবে, ঘৰত চাৰিজনতকৈ কম সদস্য থকাৰ বাবে জামাত কৰিব নোৱাৰি বা ঈদৰ নামাজৰ জামাত শেষ হৈ যোৱাৰ বাবে ইত্যাদি কাৰণত) ঈদৰ নামাজ পঢ়িবলৈ অক্ষম হয়, তেনেস্থলত ঘৰতে অকলশৰে চাৰি ৰাকাআত চাশ্বতৰ দৰে নফল নামাজ পঢ়া মুস্তাহাব (উত্তম)। কিন্তু মনত ৰাখিব এই চাৰি ৰাকাআত নামাজ ঈদৰ নামাজৰ কাজ্বা নহয়, বৰঞ্চ মনৰ সন্তুষ্টিৰ বাবেহে, কাৰণ ঈদৰ নামাজৰ কোনো কাজ্বা নাই।
فَإِنْ عَجَزَ صَلَّى أَرْبَعًا كَالضُّحَى (وَتُؤَخَّرُ بِعُذْرٍ) كَمَطَرٍ (إلَى الزَّوَالِ مِنْ الْغَدِ فَقَطْ) فَوَقْتُهَا مِنْ الثَّانِي كَالْأَوَّلِ وَتَكُونُ قَضَاءً لَا أَدَاءً كَمَا سَيَجِيءُ فِي الْأُضْحِيَّةِ وَحَكَى الْقُهُسْتَانِيُّ قَوْلَيْنِ-(الدر المختار وحاشية ابن عابدين/كتاب الصلاة/باب العيدين)
কিছু ব্যক্তিয়ে এই প্ৰশ্নও সুধা পৰিলক্ষিত হৈছে যে, "যিহেতু লকডাউনত আমি ঈদৰ নামাজ পঢ়িবলৈকে অসমৰ্থ তেনে স্থলত ফিতৰাও আদায় দিব নালাগে চাগে"। ই এক ভূল ধাৰণা, কাৰণ ঈদৰ নামাজ এটা পৃথক হুকুম আৰু ফিতৰা দিয়াও এটা পৃথক হুকুম। শ্বৰীঅতৰ বিপৰীতে এনে বিলাক মনে গঢ়া যুক্তি (logic) নিদি বিনা দ্বিধাই আল্লাহ আৰু আল্লাহৰ ৰছুল চাল্লাল্লাহু আলাইহী ৱাআলিহী ৱাছাল্লামৰ হুকুম সমূহ মানি লোৱাই এজন সফল ও প্ৰকৃত মূ'মীনৰ পৰিচয়।
বিঃদ্ৰঃ- দলিল স্বৰূপে বিখ্যাত আৰবী হানাফী ফাতৱা গ্ৰন্থ "در المختار" ৰ scan copy সংলগ্ন কৰি দিয়া হৈছে।
 বান্দাহ মোহাম্মাদ শ্বাব্বীৰ আহমদ (গুফিৰা লাহু)
🏡 নামতি চাৰি আলি, শিৱসাগৰ
📚 সদস্য_(মজলীছে শ্বুৰা নু'মানী দাৰুল ইফতা/তাওজীহুল মাছাঈল গ্ৰুপ)
📖 সম্পাদক_(কাশ্বফুল আমৰাঈন ফাউণ্ডেচন)
📩 ইমেইলঃ- www.shabbirjulvi@gmail.com
🌎ফেচবুক:- https://www.facebook.com/profile.php?id=100016524875616